মানসিক স্বাস্থ্য

ক’ভিড-জ্ঞানৰ লক্ষ্য হ’ল জনসাধাৰণৰ মাজত বিজ্ঞানসন্মত তথ্য আৰু সুৰক্ষিত থকাৰ উপায়বোৰ প্ৰচাৰ কৰা। ইয়াৰে এটা অংশ সাধাৰণ কুশল-মংগলৰ বাবে বিশেষভাৱে ৰখা হৈছে। আৰু বহুতো সমল ইয়াত উপলব্ধ, যেনে- নিজৰ উদ্বেগক কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব, একাষীকৰণৰ লগত কেনেকৈ মোকাবিলা কৰিব, এই কঠিন সময়ছোৱাত নিজকে কেনেকৈ ব্যস্ত ৰাখিব, ইত্যাদি বহুতো।
শেহতীয়াকৈ আমি বিভিন্ন প্ৰেক্ষাপটৰ কিছুমান লোকৰ সৈতে কুশল-মংগল সম্পৰ্কীয় এলানি অনলাইন আলোচনাৰ আয়োজন কৰিছোঁ। ইয়াৰ লক্ষ্য হ’ল মানুহৰ নিজৰ কাহিনী, অভিজ্ঞতা আদিৰ আদান-প্ৰদান কৰিবলৈ এখন সমাজ গঢ়ি তোলা, আৰু মানসিক স্বাস্থ্য তথা কুশল-মংগল সম্পৰ্কীয় যোগাত্মক বাৰ্তালাপৰ বাবে মানুহক উৎসাহিত কৰা।
চ’ছিয়েল মিডিয়াত আমাৰ লগত সম্পৰ্ক বজাই ৰাখক। অধিক তথ্যৰ বাবে এই হেশ্বটেগকেইটা বিচাৰক- #covidgyan আৰু #SundownerSession
অনুগ্ৰহ কৰি মন কৰিব যে এইবিলাক আচলতে পেছাদাৰী মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ আৰু থেৰাপিৰ বিকল্প নহয়। আমাৰ উদ্দেশ্য হ’ল এখন সামুদায়িক মঞ্চ প্ৰদান। যদি আপুনি প্ৰয়োজনবোধ কৰে তেন্তে অনুগ্ৰহ কৰি পেছাদাৰী মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

তথ্য সম্বলিত চিত্র

 

ভিডিঅ' / ৱেবিনাৰ

 

লিখনী